অসম

assam

ETV Bharat / videos

জনজাতিকৰণৰ দাবীত মৰাণ ছাত্ৰ সন্থা ৰাজপথত - Protest programme by AAMSU Demanding Tribalization

By

Published : Aug 23, 2022, 9:57 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী সমদল(Protest programme by Moran Students Union) ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সংগঠনটোৰ আহ্বানত বাহিৰ কৰা হয় প্ৰতিবাদী সমদল(Protest march in Tinsukia) ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয় অভিমুখে বিশাল মটৰ চাইকেল ৰেলীৰে প্ৰতিবাদী সমদল বাহিৰ কৰা পৰিলক্ষিত হয় । মৰাণসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা(Demanding Tribalization of the Marans), ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰা(Grant of Sixth Schedule Autonomy), অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক অতি শীঘ্ৰেই স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (Permanent Residence Certificate) প্ৰদান কৰি সকলো চৰকাৰী সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা, অসম-অৰুণাচল ভূমি বিবাদৰ ওপৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা আৰু শেহতীয়াকৈ চৰকাৰীভাৱে ভূমি আবন্টন দিয়া কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালক অতিশীঘ্ৰেই স্থায়ী ভূমি সংস্থাপনৰ নিশ্চিত ব্যৱস্থাৰ দিহা কৰাৰ লগতে উচিত ন্যায় প্ৰদানৰ দাবী জনায় সংগঠনটোয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ তদুপৰি বান আৰু গৰখহনীয়াৰ বিজ্ঞানসন্মত প্ৰতিৰোধৰ স্থায়ী সমাধানৰো দাবী জনায় সংগঠনটোৱে ৷ তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উল্লেখিত দাবী সম্বলিত স্মাৰকপত্ৰ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে(memorandum to the Prime Minister and Chief Minister) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details