অসম

assam

তিনিচুকীয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:29 PM IST

ETV Bharat / videos

Protest in Tinsukia: তিনিচুকীয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

তিনিচুকীয়া,৫ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ফিল'বাৰী-ডুমডুমা ৰাজ্যিক পথ অৱৰোধ কৰি ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ । এটা পথ দুৰ্ঘটনাত এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ । ফিল'বাৰী আৰক্ষী থানাৰ সন্মুখৰ চাৰিআলিত বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু উক্ত দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছিল তন্ময় শইকীয়া নামৰ এটি ৭ বছৰীয়া শিশু ।  

তাকে লৈ সমগ্ৰ ফিল’বাৰী অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ৷ AS23 CC5698 নম্বৰৰ তীব্ৰবেগী কেঁচা চাহপাত কঢ়িওৱা বলেৰ' পিক আপ বাহন এখনে সংঘটিত কৰিছিল উক্ত ঘটনাটো । বৃহস্পতিবাৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ফিল'বাৰীলৈ লৈ অনাৰ লগে লগে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ফিল'বাৰী-ডুমডুমা ৰাজ্যিক পথ অৱৰোধ কৰি টায়াৰ জ্বলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।  

পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । উক্ত প্ৰতিবাদৰ জৰিয়তে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ পথচোৱাত গতিৰোধকৰ ব্যৱস্থা কৰা, পথচোৱাৰে অহাযোৱা কৰা কেঁচা চাহপাত কঢ়িওৱা বাহনসমূহক নাকী লগোৱাৰ ব্যৱস্থা কৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:Guwahati Child Abuse Case : মহানগৰীত নিৰ্যাতিত শিশুৰ সংখ্যাই চিন্তাত পেলাব আপোনাকো

ABOUT THE AUTHOR

...view details