Protest by ATASU: আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীৰে ধেমাজিত প্ৰতিবাদ - Protest organized by ATASU
বিজেপি নেত্ৰী আঙুৰলতাই এক সমদলত আহোম জনগোষ্ঠীক লৈ দিয়া শ্ল'গানৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু )ৰ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে(Protest organized by Sadao Tai Ahom Chhatra Santha) ৷ ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ কৰা এই প্ৰতিবাদৰ সময়ত আঙুৰলতা ডেকা মুৰ্দাবাদ,আঙুৰলতাক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ ,আহোম জনগোষ্ঠীক কৰা অপমান সহ্য কৰা নহ'ব ইত্যাদি শ্লগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে(ATASU strongly condemned Angurlata) ৷ প্ৰায় শতাধিক প্ৰতিবাদীয়ে অংশ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত আছুকে ধৰি ধেমাজিৰ বিভিন্ন দল-সংগঠনে অবস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লয় ৷ ইপিনে আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে আঙুৰলতাৰ চৰম স্পৰ্ধাক তীব্ৰ ভাষাৰে গৰিহণা দি আঙুৰলতাক গ্ৰেপ্তাৰ নকৰাত অসম আৰক্ষীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ৷ বিজেপি নেত্ৰীগৰাকী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আটাছুৰ আন্দোলন তীব্ৰভাৱে অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে আটাছু নেতাজনে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST