Protest at Dibrugarh: মজুৰি বৃদ্ধি- চাকৰি নিয়মীয়াকৰ দাবীত সখী আৰু সমল ব্যক্তি সন্থাৰ প্ৰতিবাদ - অসম গ্ৰামীণ জীৱিকা অভিযান
অসম গ্ৰামীণ জীৱিকা অভিযানৰ(Assam Rural Livelihood Mission) অধীনত কৰ্মৰত সখী আৰু সমল ব্যক্তিসকলৰ মজুৰি বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ডিব্ৰুগড়(Protest at Dibrugarh) ৷ ডিব্ৰুগড় জিলাৰ সখী আৰু সমল ব্যক্তি সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন প্ৰতিবাদী শ্লো'গানেৰে চৌদিশ উত্তাল কৰি তোলে । সখী আৰু সমল ব্যক্তিসকলৰ মজুৰী বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী নিয়মীয়াকৈ দিয়াৰ লগতে আন কেইবাটাও দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে । চৰকাৰে শীঘ্ৰে তেওঁলোকৰ এই সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত দিন এই প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে(Contractual employees protest in Dibrugarh) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST