constituency delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ - সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা
শিৱসাগৰ, 8 জুলাই :সদৌ টাই আহোম ছাত্র সন্থা(স্বতন্ত্ৰ)ৰ উদ্যোগত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা জনাই আটাছু(স্বতন্ত্ৰ)ৰ শিৱসাগৰ জিলা আৰু মহকুমা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নিৰ্বাচন আয়োগ হায় হায় আদি শ্লগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
আটাছু(স্বতন্ত্ৰ) সমিতিয়ে কোনো কাৰণত খিলঞ্জীয়া বিৰোধী এই খচৰা মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে । উল্লেখযোগ্য যে আজিৰ আটাছু(স্বতন্ত্ৰ)ৰ প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ নেতা মণিৰুল ইছলাম বড়া আদি উপস্থিত থাকি তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন আগবঢ়ায় ।
সন্মিলিত এই প্ৰতিবাদে সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিল কৰিবলৈ চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ আগত দাবী উত্থাপন কৰে । লগতে সংগঠনটোৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ।