অসম

assam

জনজাতিকৰণ প্ৰসংগ নিৰ্বাচনী টোপ আছিল নেকি !

ETV Bharat / videos

Protest in Sivasagar:ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ নিৰ্বাচনী টোপ আছিল নেকি ! - Constituency Delimitation

By

Published : Jul 5, 2023, 7:35 PM IST

শিৱসাগৰ,5 জুলাই:মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা,সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ পুনৰ বিবেচনা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত মটক জনগোষ্ঠীয় শিক্ষিত যুৱক-যুৱতীক নিযুক্তিত অগ্ৰাধিকাৰ, আলফা সমস্যা শান্তি আলোচনাৰে সমাধান আদি বহু কেইটা দাবীত প্ৰতিবাদ সাব্যস্ত কৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ সদস্যই ৷  

‘‘বাৰে বাৰে চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে ৷ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈহে নিৰ্বাচনৰ সময়ত জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰসংগ উত্থাপন কৰে ৷ বৰ্তমানৰ চৰকাৰখনৰ ওপৰত আমাৰ আশ্বাস আৰু বিশ্বাস হেৰাই গৈছে ৷ নিৰ্বাচনৰ সময়ত তেওঁলোকে কৈছিল 6 মাহৰ ভিতৰত মটক সকলক জনজাতি মৰ্যদা প্ৰদান কাৰৰ কথা কিন্তু ছমাহ সলনি এবছৰ হ’ল এতিয়াও তেওঁলোকৰ গুৰুত্ব নাই ৷ যদি লোকসভা নিৰ্বাচনৰ পূৰ্বে মটকসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বিজেপিয়ে ইয়াৰ পৰিণাম ভুগিব ৷’’ এই হুংকাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷

লগতে পঢ়ক:Erosion: ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হ’ব নেকি ঐতিহাসিক স’ৰাগুৰি চাপৰি?

ABOUT THE AUTHOR

...view details