অসম

assam

লাহোৱালৰ নাহৰসাঁকোত আৰক্ষীৰ লাঠী চালনা

ETV Bharat / videos

Public Protest in Lahowal:লাহোৱালৰ নাহৰসাঁকোত আৰক্ষীৰ লাঠি চালনা

By

Published : Jul 8, 2023, 10:29 PM IST

ডিব্ৰুগড়,8 জুলাই: লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে লাহোৱালৰ নাহৰসাঁকোত জোঁৰ সমদল ৰাইজৰ । কেইবা শতাধিক লোকে জোঁৰ সমদলত অংশগ্ৰহণ কৰে । আনহাতে জোঁৰ সমদলকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কাৰত পৰিস্থিতি অধিক উত্তপ্ত হয় ৷  প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিব লগীয়া হয় ৷ ফলত আহত হয় কেইবাগৰাকী প্ৰতিবাদকাৰী । মহিলা প্ৰতিবাদকাৰীক পুৰুষ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ ইফালে প্ৰতিবাদস্থলীৰ পৰা মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ দত্তক উপৰ্যুপৰি লাঠি চালনা কৰি আটক কৰে ঘোঁৰামৰা আৰক্ষীয়ে।  

উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ ,অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে । 

লগতে পঢ়ক:Erosion in Dibrugarh: ডিব্ৰুগড়ৰ খহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details