অসম

assam

Jorhat Protest:যোৰহাটত সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

By

Published : Aug 2, 2023, 3:06 PM IST

যোৰহাটত সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

যোৰহাট,02 আগষ্ট: মণিপুৰ ঘটনাৰ উচিত তদন্তৰ দাবীৰে সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী । মণিপুৰে আজি কান্দিছে,ঘৰ বাৰী হেৰুৱাই এতিয়া আশ্ৰয় শিৱিৰত জীৱন যাপন কৰিবলৈ বাধ্য হৈছে সাধাৰণ ৰাইজে । কিন্তু আজি পৰ্যন্ত উচ্চ আৰু নিম্ন সদনত মণিপুৰৰ ঘটনাক লৈ বিবৃতি দিয়াত মৌন ব্ৰত পালন কৰি আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এইদৰে কেনেকৈ নীৰৱে থাকিব পাৰে সেই প্ৰশ্ন প্ৰতিবাদকাৰীৰ ৷ 

দুগৰাকী নাৰীক উলংগ কৰি ৰাজপথত সমদল কৰাৰ পাচতো মৌন হৈ থকা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিবৃতি লাগে ৷ প্ৰধানমন্ত্ৰীয়ে নীৰৱতা ভংগ কৰক ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ শান্তি শৃংখলা ঘুৰাই অনাত বিফল হৈছে ৷ শীঘ্ৰে স্বাভাৱিক পৰিস্থিতি ঘুৰাই অনাৰ দাৱীত কংগ্ৰেছৰ নেতৃত্বত থকা সন্মিলিত বিৰোধী ঐক্য মঞ্চই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

লগতে পঢ়ক :FIR Against Bhupen Borah:ভূপেন বৰাৰ বিৰুদ্ধে যোৰহাটত বিশ্ব হিন্দু পৰিষদৰ এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details