Manipur communal clashes : মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষক লৈ মহানগৰীত প্ৰতিবাদ - মণিপুৰত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষ
গুৱাহাটী, ৫ মে’ :মণিপুৰত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষক লৈ অসমতো প্ৰতিক্ৰিয়া অব্যাহত আছে । মণিপুৰত মেইতেই জনগোষ্ঠীৰ ওপৰত কুকি জনগোষ্ঠী আৰু মণিপুৰ ট্ৰাইবেল ছাত্ৰসন্থাই চলোৱা অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটীৰ মণিপুৰীবস্তিৰ বিহু ফিল্ডত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই । পুনৰ মণিপুৰত শান্তি শৃংখলা ঘূৰাই অনাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে (protest in Guwahati over Manipur communal clashes) ।
মণিপুৰত কুকি জনগোষ্ঠীৰ উদভণ্ডালি নচলিব, কুকি জনগোষ্ঠীক মণিপুৰৰ পৰা খেদাই পঠাওক আদি শ্ল’গান দি হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় মেইতেইৰ জনগোষ্ঠীয় লোক আৰু ছাত্ৰ-ছাত্ৰীসকলে ।
উল্লেখ্য যে সংখ্যাগুৰু মেইতেই সম্প্ৰদায়ে কৰা অনুসূচিত জাতিৰ দাবীত জ্বলিছে মণিপুৰ । বিগত এসপ্তাহ ধৰি বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে মণিপুৰত । বুধবাৰে জনজাতি-অজনজাতিৰ মাজত সংঘটিত হোৱা ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে চাৰি কুৰিৰো অধিক লোক আহত হৈছে । এই সংঘৰ্ষই ভয়ানক ৰূপ লোৱাত বৃহস্পতিবাৰে দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ জাৰি কৰে ৰাজ্য চৰকাৰে (Manipur communal clashes) ।
লগতে পঢ়ক :Manipur Violence update : মণিপুৰৰ হিংসাত আহত বিজেপিৰ বিধায়ক; অনুচ্ছেদ 355 জাৰি