অসম

assam

গোৱালপাৰাত প্ৰতিবাদ

ETV Bharat / videos

Jonali Nath Murder Case: গোৱালপাৰাত জোনালী নাথ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ - Protest in Goalpara

By

Published : Jun 16, 2023, 6:51 PM IST

গোৱালপাৰা, 16 জুন: জোনালী নাথ হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ গোৱালপাৰা জিলা কমিটীয়ে শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ গোৱালপাৰা জিলা কমিটিৰ সভানেত্ৰী ড৹ মিৰা দেৱীয়ে কয় যে, বৰ্তমান দেশত নাৰী মুঠেও সুৰক্ষিত নহয়, দেশত সঘনে ঘটি আছে নাৰী নির্যাতন, নাৰী হত্যা আদিৰ দৰে জঘন্য ঘটনা ৷ কিছুদিন পূৰ্বে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে পুনৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই বিজেপি চৰকাৰৰ দিনত যে নাৰী মুঠেও সুৰক্ষিত নহয় সেয়া স্পষ্টকৈ প্ৰতিপন্ন কৰিছে ৷

জোনালী নাথৰ পৰিয়ালক ন্যায় দিয়ক, নাৰী হত্যা বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক আদি শ্ল’গানেৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদক সমৰ্থন জনাই অংশগ্ৰহণ কৰে বামপন্থী নেতা ননী দাসে ৷ 

লগতে আইজিপি দেৱৰাজ উপাধ্যায়ৰ ঘৃণনীয় মন্তব্যক গৰিহণা দিয়াৰ লগতে জোনালী নাথৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰি হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:Sikha Sarma Arrested: নিশাৰ এন্ধাৰ পোহৰাবলৈ শিখা জ্বলিবই লাগিব: শিখা শৰ্মা

For All Latest Updates

ABOUT THE AUTHOR

...view details