হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে কাছাৰত চালকৰ প্ৰতিবাদ - হিট এণ্ড ৰাণ আইন
Published : Jan 2, 2024, 7:37 PM IST
শিলচৰ, ২ জানুৱাৰী:হিট এণ্ড ৰাণ আইনক লৈ কাছাৰত চালক সকলে আজি প্ৰতিবাদ সাব্য়স্ত কৰে । এই আইনখন প্ৰত্যাহাৰৰ দাবীত কাছাৰত অসম পেট্ৰ'লিয়াম মজদুৰ সংঘই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ শিলচৰৰ ময়নাৰবন্দ ইণ্ডিয়ান ৱেল ডিপোৰ সম্মুখত তেওঁলোকে এইদৰে প্ৰদৰ্শন কৰে বিক্ষোভ ৷ দেশত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ লক্ষৰে কেন্দ্ৰীয় চৰকাৰে চালক সকলৰ ওপৰত ৭ লাখ টকা জৰিমনা আৰু ১০ বছৰৰ কাৰাদণ্ডৰ আইন বলবৎ কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে দেশৰ চালকসকল ৷
চৰকাৰৰ এই আইনৰ বিৰুদ্ধে চালক সকলে আজি দেশজুৰি আন্দোলন কাৰ্যসূচী হাতত লয় ৷ তাৰেই অংশৰূপে শিলচৰতো বিক্ষোভ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে পেট্ৰ'লিয়াম মজদুৰ সংঘই ৷ ময়নাৰবন্দ ডিপোৰ সম্মুখত পেট্ৰ'লিয়াম মজদুৰ সংঘৰ বিষয়ববীয়া সকলৰ ধৰ্ণা আৰু বিক্ষোভত উত্তাল হৈ পৰে ৷ পুৱা ১০ বজাৰ পৰা দুপুৰীয়ালৈকেএই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
লগতে পঢ়ক:৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ