Manipur violence: মণিপুৰৰ শান্তি কামনাৰে আগৰতলাত প্ৰতিবাদ - Manipur violence
কৰিমগঞ্জ,৮ আগষ্ট: প্ৰায় ৩ দীঘলীয়া মাহৰ অন্তত উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ হ্ৰাস পোৱাৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই । মণিপুৰকে ধৰি ধৰি সমগ্ৰ দেশৰ জনসাধাৰণ এই পৰিস্থিতিক লৈ চিন্তিত হৈ পৰা দেখা গৈছে । মণিপুৰত শান্তিৰ বাবে সকলোৱে নিৰন্তৰভাৱে আহ্বান জনাই আহিছে ।
মণিপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰি শান্তি ঘূৰাই অনাৰ দাবীত মঙলবাৰে আগৰতলাত ৪ ঘণ্টীয়া গণ ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় । মঙলবাৰৰ দিনটোতে ৰাজধানীৰ অৰিয়েণ্ট চৌমুহুনিত মণিপুৰৰ শান্তিৰ বাবে ত্ৰিপুৰাৰ মণিপুৰী সমন্বয় সমিতিৰ উদ্যোগত, বিভিন্ন শ্ৰেণীৰ লোকে এই ধৰ্মঘটত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । সকলোৰে এটাই অনুৰোধ যে, মণিপুৰলৈ শান্তি ঘূৰাই আনক । গণ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোৱে শান্তিৰ আহ্বান জনাই প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় ।
লগতে পঢ়ক:Protest against Love Jihad: লাভ জেহাদ বন্ধৰ দাবীত জয় শ্ৰীৰাম ধনিৰে উত্তাল চচল
TAGGED:
Manipur violence