অসম

assam

By

Published : Jan 7, 2023, 2:59 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Protest for School land: বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া কাৰ্বি আংলঙৰ দ্বাৰবাগৰী সমষ্টিত বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি বিচাৰি চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে (Protest for School land at Dwarbagari )৷ উল্লেখ্য যে চাহ শ্ৰমিকসকলৰ সন্তানে শিক্ষা লাভ কৰিব পৰাকৈ শ্ৰমিক সকলে দলামৰা চাহ বাগিচা কৰ্তৃপক্ষৰ পৰা এখন আদৰ্শ হাইস্কুল স্থাপনৰ বাবে ভূমি বিচাৰিছিল ৷ কিন্তু আজি পৰ্যন্ত আৱণ্টন নহ’ল সেই ভূমি ৷ ফলত ভূমিৰ অভাৱত আজিলৈকে নিৰ্মাণ হোৱা নাই বিদ্যালয় ৷ কিন্তু চাহ বাগিচা কৰ্তৃপক্ষই বিদ্যালয় নিৰ্মাণৰ বাবে বিচৰা ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে (Protest for School land)৷ অৱশেষত চাহ শ্ৰমিক সকলে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ বাগিচা কৰ্তৃপক্ষই বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি প্ৰদান নকৰা পৰ্যন্ত বাগিচাত কাম নকৰাৰ হুংকাৰ চাহ শ্ৰমিক সকলৰ ৷ প্ৰয়োজন সাপেক্ষে অনিদিৰ্ষ্টকালৰ বাবে চাহ বাগিচা বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details