অসম

assam

নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত প্ৰতিবাদ

ETV Bharat / videos

Protest Against NPS at Kaliabor: পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কলিয়াবৰত প্ৰতিবাদ - পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত কলিয়াবৰত প্ৰতিবাদ

By

Published : Feb 28, 2023, 1:22 PM IST

নগাওঁ, 28 ফেব্ৰুৱাৰী : নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰেৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সদৌ অসম কৰ্মচাৰী পৰিষদ ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷ চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন নীতিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কৰ্মচাৰী পৰিষদে (Protest Against NPS at Kaliabor) । 

কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদেও কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰে কৰ্মচাৰীসকলৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰী পৰিষদে । ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত জাপি দিয়া নতুন পেঞ্চন নীতিয়ে (New pension policy) কৰ্মচাৰীসকলৰ ভবিষ্যৎ সুৰক্ষিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি এই ব্যৱস্থা বাতিল কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ।

সোমবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বৰ্তমান ৰাজ্যৰ এই কৰ্মচাৰীসকলে নিজৰ অনাগত ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৷ সেয়ে প্ৰতিগৰাকী কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতি বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ২০০৪ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নতুনকৈ প্ৰৱৰ্তন কৰে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি । তাৰ পিছত অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্যৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য কৰে এই আঁচনিখন ৷ ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যত কাৰ্যকৰী হয় ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি (Assam Government New pension scheme) । যাৰ বাবে আমাৰ ৰাজ্যখনতো ২০০৫ চনৰ পিছত ৰাজ্য চৰকাৰত কৰ্ম নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন ৰাষ্ট্ৰীয় পেঞ্চন আচঁনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে । 

আঁচনিখন সন্দৰ্ভত অৱগত হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এই আঁচনিয়ে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে বুলি উপলব্ধি কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা পৰিলক্ষিত হৈছে  (Assam Government employees opposes NPS)। কেৱল অসমতে নহয়, সমগ্ৰ দেশতে পৰিলক্ষিত হৈছে একেই ছবি (protest for demanding old pension scheme at Kaliabor)

লগতে পঢ়ক :Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details