অসম

assam

সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত কলা পতাকা উত্তোলন

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:21 PM IST

ETV Bharat / videos

Protest in Sarthebari: সৰ্থেবাৰীত ক'লা দিৱসত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

বৰপেটা, ১৩ অক্টোৱৰ :চৰকাৰী বঞ্চনাই জ্বলাইছে ঐতিহাসিক কাঁহশিল্প নগৰী সৰ্থেবাৰী সৰ্থেবাৰীক ৷ উপ-জিলা ঘোষণা আৰু সৰ্থেবাৰীৰ পৰা চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ আজি পালন কৰা হয় ক'লা দিৱস । প্ৰতিবাদকাৰীসকলে সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ত উত্তোলন কৰে ক'লা পতাকা । ইপিনে,সৰ্থেবাৰী সভাৰ খলাত ক'লা পতাকা উত্তোলন কৰোতে আৰক্ষীৰ লগত হতাহতি হয় প্ৰতিবাদকাৰীৰ । এই প্ৰতিবাদী কাৰ্যসূচিত আশী বছৰীয়া বৃদ্ধায়ো অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰীসকলে "অৰুণোদয় নালাগে","আয়ুস্মান নালাগে","উপ-জিলা লাগিবই","বিজেপি চৰকাৰ মুৰ্দাবাদ","অসম চৰকাৰ হায় হায়" আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে টায়াৰ জ্বলাইও প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰয়োজন হ'লে সৰ্থেবাৰীৰ ৰাইজে গুলী বুকু পাতি ল'ব তথাপিও সৰ্থেবাৰীৰ পৰা চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰিবলৈ নিদিয়ে বুলি মহিলাসকলেও হুংকাৰ দিয়ে ।  

উল্লেখ্য যে সৰ্থেবাৰীক উপ-জিলা ঘোষণাৰ দাবীত আৰু সৰ্থেবাৰীত থকা চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত বিগত এমাহ ধৰি শান্তি- শৃংখলা অটুট ৰাখি গণতান্ত্ৰিকভাবে আন্দোলন চলাই আহিছিল সৰ্থেবাৰীৰ ৰাইজে । এই গণতান্ত্ৰিক আন্দোলনক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজি এইদৰে উত্তাল হৈ পৰে সৰ্থেবাৰী ।  

লগতে পঢ়ক:Distribution of free bicycles:চৰকাৰে শিক্ষাখণ্ডৰ পৰিৱৰ্তন সাধিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে:অশোক সিংহল

ABOUT THE AUTHOR

...view details