Protest in Dighali Pukhuri: পুলৱামাৰ বীৰ শ্বহীদ জোৱানৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ - পুলৱামাৰ বীৰ শ্বহীদ জোৱানৰ মৃত্যুৰ তদন্তৰ দাবী
গুৱাহাটী,৪ মে': পুলৱামাৰ বীৰ শ্বহীদ জোৱানৰ মৃত্যুৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ দীঘলীপুখুৰীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Assam Trinamool Youth Congress) । সংগঠনটোৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি দলীয় কৰ্মীসকলে দীঘলীপুখুৰী পাৰত সন্ধিয়া মিলিত হয় ।
তাৰ পৰা দলীয় কৰ্মীসকলে 'পুলৱামা কাণ্ডৰ তদন্ত লাগে', 'শ্বহীদ বীৰ জোৱানক ন্যায় দিয়ক', আদি শ্ল'গান সম্বলিত বেনাৰ-প'ষ্টাৰসহ দীঘলীপুখুৰী পাৰত সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Protest demanding probe into pulwama martyrs death) ।
কিন্তু আদবাটতে আৰক্ষীয়ে সমদলকাৰীক বাধা প্ৰদান কৰা পৰিলক্ষিত হয় । কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বক্তব্যৰ উদাহৰণ দি কয় যে, পুলৱামাত দেশৰ বীৰ জোৱানৰ মৃত্যুৰ আঁৰত একাংশৰ ৰাজনৈতিক মুনাফা আদায়ৰ ষড়যন্ত্ৰ জড়িত হৈ আছে ।
চৰকাৰৰ ষড়যন্ত্ৰৰ বাবে ৪০ গৰাকী বীৰ জোৱানে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল । ইয়াৰে এগৰাকী অসমৰ বীৰ জোৱানে শ্বহীদবৰণ কৰিবলগীয়া হৈছিল । তেওঁ চৰকাৰৰ এই ষড়যন্ত্ৰ ৰাজহুৱা কৰাৰ বাবে দাবী উত্থাপন কৰে । সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে পুলৱামাৰ শ্বহীদৰ স্মৃতিত মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক:Poor bridge condition: যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে মাজুলী লখিমপুৰৰ যোগাযোগ ব্যৱস্থা