অসম

assam

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ডিপ্লিং চাহ বাগিচা

ETV Bharat / videos

Protest in Dipling tea estate: চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ডিপ্লিং চাহ বাগিচা - Tea workers protest in Dipling tea estate

By

Published : Apr 1, 2023, 10:29 PM IST

ডিব্ৰুগড়,১ এপ্ৰিল: দ্বিতীয় দিনাও উত্তাল হৈ পৰিল চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচা । প্ৰাপ্য অধিকাৰ বিচাৰি ওলাই আহিল হাজাৰ হাজাৰ শ্ৰমিক(Protest continues for the 2nd day in Dipling tea estate) । শুকুৰবাৰৰ হৈ থকা প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ল দ্বিতীয় দিনা । শ্ৰমিকৰ বকেয়া আদায় নকৰাকৈ বাগিচা লীজত দিয়াৰ বিৰোধিতাৰে শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Tea workers protest in Dipling tea estate) ।

শ্ৰমিকৰ অনাদায় ধন মোকলাই নিদিয়াত ক্ষোভিত হৈ পৰে চাহ শ্ৰমিক তথা দল- সংগঠনসমূহ । অসম চাহ নিগমৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাৰ অনাদায় ধন মোকলাই নিদিয়া পৰ্যন্ত চৰকাৰক চাহ বাগিচাৰ মালিক পক্ষক গতাই নিদিয়াৰ হুংকাৰ দিয়ে চাহ শ্ৰমিকে (Protest in Dipling tea estate) ।  

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চাহ বাগিচা শ্ৰমিকৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বহু অভিলাসী আঁচনি ঘোষণা কৰি আহিছে(Tea workers protest demanding dues) । কিন্তু প্ৰকৃতাৰ্থত বহু চাহ শ্ৰমিকে আজিও প্ৰাপ্য অধিকাৰ বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতিৰহে সৃষ্টি হৈছে ।

লক্ষ্যণীয়ভাৱে অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচা ব্যক্তিগত খণ্ডক ৩০ বছৰৰ বাবে লীজত দিয়াৰ পাচত শনিবাৰে মালিক পক্ষই দায়িত্ব গ্ৰহণ কৰাৰ কথা আছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত ছয় মাহত শ্ৰমিকসকলে পাবলগীয়া বকেয়া ধন কেতিয়া আদায় কৰিব সেই কথা স্পষ্ট কৰিবলৈ আহ্বান অসম চাহ নিগমক । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে । 

লগতে পঢ়ক:Guinness Book of World Records: বিহুৰ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু বৰপেটাৰ নাচনী

ABOUT THE AUTHOR

...view details