Constituency Delimitation 2023:সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ ৰাইজৰ
আমগুৰি, ৩০ জুন: সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে আমগুৰিত ৷ আমগুৰি সমষ্টিৰ চামগুৰি মাউৎ গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া বন্তি জ্বলাই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ গাঁৱখনৰ অৰ্ধ শতাধিক পুৰুষ-মহিলাৰ লগতে বয়োজ্যেষ্ঠ সকলেও প্ৰতিবাদত অংশ লয় । প্ৰতিবাদস্থলীত ১৯৫১ চনৰ পৰা ভোট প্ৰদান কৰি অহা বয়োজ্যেষ্ঠ লোকসকলে কোনো কাৰণতে আমগুৰি সমষ্টি বিলুপ্তিকৰণ হ'বলৈ নিদিয়ে বুলি প্ৰকাশ কৰে ।
‘বিজেপি চৰকাৰ লাভালাভৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ মানচিত্ৰৰ পৰা আমগুৰি সমষ্টি কৰ্তন কৰিব বিচাৰিছে ৷’ চৰকাৰৰ এনে কাৰ্যক গৰিহণা দিছে ৰাইজে । ‘যদিহে আমগুৰি সমষ্টি কৰ্তন কৰে তেতিয়া আমগুৰি ৰাইজ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ’ প্ৰতিবাদকাৰীৰ ।
লগতে পঢ়ক:GP Singh Tweet : ঘগ্ৰাপাৰ কাণ্ডই হতাশাত ভোগাইছে আৰক্ষী সঞ্চালক প্ৰধানক