অসম

assam

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়

By

Published : Apr 10, 2023, 10:34 PM IST

ETV Bharat / videos

Protest in Duliajan: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়

মৰাণ,১০ এপ্ৰিল: দুলীয়াজানত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি (Protest at OIL headquarters in Duliajan) । অইলৰ খনন কাৰ্যত নিয়োজিত কুইপ্ৰ' নামৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে(Protest in Duliajan) ।  

তিনিচুকীয়া জিলাৰ শদিয়াৰ তৈলক্ষেত্ৰত ঠিকাভিত্তিক নিয়োজিত কুইপ্ৰ' নামৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানটোৱে থলুৱা শ্ৰমিকক চাটাই কৰি অন্য একাংশ শ্ৰমিকক কৰ্মত নিয়োজিত কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক ইউনিয়ন অইল প্ৰডাকশ্যন এণ্ড ড্ৰিলিং ৱকাৰ্ছ ইউনিয়ন, অইল ফিল্ড প্ৰাইভেট এমপ্লইজ এছচিয়েচন, তিনিচুকীয়া, এক্সিকিউটিভ এছ'চিয়েশ্যন আৰু শ্ৰমিক ঐক্যমঞ্চই কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Workers protest at OIL headquarters in Duliajan) ।  

কিন্তু কুইপ্ৰ' কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । অইল ইণ্ডিয়া লিমিটেডৰ ঠিকা প্ৰতিষ্ঠানত নিয়োজিত শ্ৰমিকসকলৰ চাকৰি নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত শ্ৰমিক ইউনিয়ন কেইখনে কুইপ্ৰ'ৰ লগতে অইলৰ বিভিন্ন স্থানত খনন কাৰ্য চলি থকা ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰীগসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হ'ব বুলিও প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰে । 

লগতে পঢ়ক:Rangali Bihu 2023: ডিব্ৰুগড়ত চলিছে ল’গ বিহুৰ আখৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details