অসম

assam

লাহোৱাল গাঁও পঞ্চায়তৰ কাৰ্যালয়ত তলা

ETV Bharat / videos

Lahowal Panchayat corruption : লাহোৱাল গাঁও পঞ্চায়তৰ কাৰ্যালয়ত তলা ওলোমালে স্থানীয় মহিলাই - Protest at Lahowal Panchayat in Dibrugarh

By

Published : Feb 2, 2023, 11:51 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

মৰাণ,২ ফেব্ৰুৱাৰী :ডিব্ৰুগড়ৰ জিলাৰ লাহোৱাল গাঁও পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি (Tense situation in Lahowal Panchayat)। ক্ষোভিত একাংশ মহিলাই তলা লগালে লাহোৱাল গাওঁ পঞ্চায়ত কাৰ্যালয়ত । লাহোৱাল গাঁও পঞ্চায়তৰ সভানেত্ৰী কমলা চাহুৰ কৰ্মৰ প্ৰতি অৱহেলা আৰু কাৰ্যালয়ত অনিয়মীয়া উপস্থিতিৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ৰাজ্যৰ বিভিন্ন স্থানত পঞ্চায়ত প্ৰতিনিধিৰ মইমতালি আৰু অনিয়ম অব্যাহত আছে । বিভিন্ন স্থানত চৰকাৰী আঁচনি ৰূপায়ণত অনিয়ম আৰু কেলেংকাৰী সংঘটিত হোৱাৰো প্ৰায়ে অভিযোগ উঠা দেখা যায় । তেনেই এক অনিয়মৰ অভিযোগ উঠিছে ডিব্ৰুগড় জিলাৰ লাহোৱাল গাঁও পঞ্চায়তত । অঞ্চলটোৰ একাংশ মহিলাই অভিযোগ কৰা মতে অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে একাংশ লোক ।

ইফালে পঞ্চায়তৰ কাৰ্যালয় উপস্থিত নাথাকে পঞ্চায়তৰ সভানেত্ৰী কমলা চাহুৰ লগতে আন আন প্ৰতিনিধিসকল । যাৰ বাবে ক্ষোভিত মহিলাসকলে পঞ্চায়তৰ প্ৰতিনিধি আৰু কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কেৱল এয়াই নহয় পঞ্চায়ত কাৰ্যালয়ত তলাও লগালে প্ৰতিবাদকাৰী মহিলাসকলে (Protest at Lahowal Panchayat in Dibrugarh)।

মহিলাসকলৰ দাবী- লাহোৱাল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগে । লগতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰৰ আঁচনি লাভ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অন্যথা ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে অঞ্চলটোৰ মহিলাসকলে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো পঞ্চায়ত প্ৰতিনিধিক ৰাইজৰ ওচৰলৈ গৈ প্ৰতিখন চৰকাৰী আঁচনি সফল কৰি তুলিবলৈ আহ্বান জনাই থকা সময়তে ডিব্ৰুগড়ৰ লাহোৱাল গাঁও পঞ্চায়তত দেখা গৈছে এনে চৰম অৰাজকতা (Irregularities in Lahowal Panchayat)।

চৰকাৰৰ প্ৰতিখন আঁচনি ৰূপায়ণৰ বাবে পঞ্চায়ত কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে যদিও লাহোৱাল পঞ্চায়ত কৰ্তৃপক্ষৰ এনে কৰ্মকাণ্ডই ৰাইজক আচৰিত কৰি তুলিছে । অৱশ্যে মহিলাসকলৰ এনে প্ৰতিবাদৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কি ধৰণৰ সঁহাৰি দিয়ে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Scam in Jal Jeevan Mission: কলগাছিয়াত জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

...view details