অসম

assam

হিট এণ্ড ৰান আইন

ETV Bharat / videos

হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে কলাইগাঁৱত চালক সন্থাৰ প্ৰতিবাদ - চালক সন্থাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:30 PM IST

ওদালগুৰি, ৫ জানুৱাৰী: আজিৰে পৰা দুদিনীয়া অসমৰ মটৰ শ্ৰমিক সন্থাই বন্ধ ঘোষণা কৰাত কলা আইন প্ৰত্যাহাৰৰ দাবীত ওদালগুৰি জিলাৰ কলাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে । ইয়াকে লৈ ৰাজপথত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বন্ধ নমনা চালকক ৰাজপথতে অপদস্থ কৰিছে প্ৰতিবাদকাৰীসকলে । ওদালগুৰি জিলাৰ কলাইগাঁৱতো বন্ধৰ সমৰ্থকে মঙলদৈ-ভূটিয়াচাং পথ অৱৰোধ কৰি আইনখনৰ বিৰোধিতা কৰে । বিজেপি চৰকাৰৰ এইখন আইন কোনো কাৰণত মানি লোৱা ন'হব বুলি চালকসকলে সকীয়াই দিছে । 

হিট এণ্ড ৰাণ আইনখনৰ অধীনত এজন চালকৰ দ্বাৰা কোনো পথচাৰী নাইবা বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ আহত অথবা মৃত্যু হ'লে যদি সেই দুৰ্ঘটনাস্থানৰ পৰা চালকজন পলায়ন কৰে তেন্তে সেই চালকজনৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা পাছতে দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ ।

লগতে পঢ়ক:হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে নগাঁৱত চালক সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details