অসম

assam

নৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী

ETV Bharat / videos

Protest in Guwahati : শিলসাঁকোৰ উচ্ছেদিতক পুনঃসংস্থাপন আৰু ক’ভিড যুদ্ধাক স্থায়ী নিযুক্তিৰ দাবীত উত্তাল চচল - প্ৰতিবাদী কণ্ঠত কঁপি উঠিল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী

By

Published : Mar 27, 2023, 10:22 PM IST

গুৱাহাটী, 27 মাৰ্চ : ‘‘আমাক জীয়াই থকাৰ ব্যৱস্থা কৰক ৷ আমাক থাকিবলৈ ঠাই দিয়ক ৷ অসমীয়া নিবনুৱাক প্ৰৱঞ্চনা কৰা বাদ দিয়ক ৷’’ এইদৰে পুনৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী (Protest against Silsako eviction in Guwahati) ৷

উল্লেখ্য যে, শিলসাঁকো বিল বেদখল মুক্ত কৰাৰ স্বাৰ্থত GMDA কৰ্তৃপক্ষই অলপতে উচ্ছেদ চলাইছিল শিলসাঁকো বিলত (Eviction in Silsako Beel) ৷ এই উচ্ছেদৰ ফলত গৃহহাৰা হৈ পৰিছিল বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি অহা শিলসাঁকোৰ বহু লোক ৷ কিন্তু আজিও প্ৰশাসনৰ হাতোৰা নপৰিল শিলসাঁকোত থকা বদৰুদ্দিন আজমলৰ হোটেলত ৷ এই অভিযোগ প্ৰতিবাদকাৰীৰ ৷

ইফালে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি চৰকাৰৰ তৰফৰ পৰা আশ্বাস দিছিল ৷৷ কিন্তু আজি পৰ্যন্ত উচ্ছেদিত লোকসকলক পুনঃসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ফলত ক্ষোভিত হৈ শিলসাঁকোৰ উচ্ছেদিত লোকসকলে পুনৰ চৰকাৰৰ বিৰুদ্ধে সোমবাৰে চচলত সাব্যস্ত কৰে প্ৰতিবাদ ।

ইফালে 2020 চনৰ ক’ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসালয়ত COVID 19 ৰ চাফাই কৰ্মী হিচাপে নিয়াজিত হোৱা কৰ্মীসকলৰ স্থায়ী নিযুক্তিৰ দাবীত সোমবাৰে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম COVID 19 চাফাই কৰ্মীৰ সন্থাৰ আহ্বান মৰ্মে ৰূপায়ণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেবাশতাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Nalbari Eviction: নলবাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ

ABOUT THE AUTHOR

...view details