Protest in Namrup: নামৰূপ সাৰ কাৰখানাৰ ইউনিয়নক আমন্ত্ৰণ সৰ্বানন্দ সোণোৱালৰ - Protest in Namrup
নাহৰকটীয়া, ২৩ জুলাই :নামৰূপ সাৰকাৰখানা অস্তিত্ব ৰক্ষাৰ বাবে দেওবাৰে প্ৰতিকূল বতৰক নেওচি ৰাইজে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিটি আয়োগৰ পৰামৰ্শমতে নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ লোকসভাৰ মজিয়াত উন্মোচিত হোৱাৰ পাছতেই কালিৰে পৰা অব্যাহত থকা ৰাইজৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাৰ কাৰখানাৰ ইউনিয়নক সাক্ষাতৰ বাবে ডিব্ৰুগড়লৈ মাতি পঠিয়াইছে ৷
উল্লেখ্য যে দেশৰ আন আন বন্ধ সাৰ উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰি থকাৰ সময়তে উৎপাদনক্ষম নামৰূপ সাৰকাৰখানা বন্ধ কৰিবলৈ দিয়া পৰামৰ্শই আচলতে সমগ্ৰ অসমৰ ঔদ্যোগিক আৰু কৃষি ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব ৷
উল্লেখ্য় যে সাংসদ গৌৰৱ গগৈয়ে লোকসভাত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাইক সোধা এক প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অৱ অফিচাৰ্ছৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ২০২২ চনৰ ১২ আগষ্টত নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ দিয়ে বুলি উল্লেখ কৰাৰ পিচতেই প্ৰতিবাদৰ ঢৌ উঠিছে ।
লগতে পঢ়ক:Protest in Namrup: সাৰকাৰখানা বন্ধৰ পৰামৰ্শৰ বিৰোধিতাৰে উত্তাল নামৰূপ
TAGGED:
Protest in Namrup