অসম

assam

ETV Bharat / videos

Manipur Violence:মণিপুৰ কাণ্ডৰ বিৰুদ্ধে কোকৰাঝাৰত মৌন প্ৰতিবাদ - Manipur Violence

🎬 Watch Now: Feature Video

কোকৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jul 24, 2023, 8:56 PM IST

কোকৰাঝাৰ, ২৪ জুলাই:ভাৰতক লজ্জানত কৰা মণিপুৰৰ ঘৃনণীয় কাণ্ডৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যান প্ৰাংগনত সোমবাৰে বিয়লি ৪ বজাৰ পৰা মুখত ক'লা কাপোৰ বান্ধি ল'ৱাৰ আছাম এনজিঅ' ফ'ৰামৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই মৌন প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মণিপুৰৰ বৰ্বৰ কাণ্ডৰ সৈতে জড়িতক দৃষ্টান্তমুলক শাস্তি আৰু মণিপুৰত শান্তি স্থাপনৰ দাবী জনায়ল'ৱাৰ আছাম এনজিঅ' ফ'ৰামে ৷ উল্লেখ্য যে , ল'ৱাৰ আছাম এনজিঅ' ফ'ৰামৰ উদ্যোগত নেডান ফাউণ্ডেচন ,নেৰচন ,এণ্ট,এ আই ই টি ,ই এছ পি টি আদিকে ধৰি পোন্ধৰটাকৈ বে-চৰকাৰী সংস্থাৰ প্ৰতিনিধি সকলে হাতে হাতে বেনাৰ,প'ষ্টাৰ, প্লেকাৰ্ড লৈ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মণিপুৰৰ দুগৰাকীকৈ মহিলাৰ ওপৰত অমানৱীয়, বৰ্বৰ আচৰণ আৰু ধৰ্ষণ কৰা দোষী সকলক কঠোৰ শাস্তি বিহিবলৈ প্ৰধানমন্ত্ৰীৰ লগতে মণিপুৰৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় প্ৰতিবাদী কাৰ্যসূচীত অৱস্থান লোৱা ১৫ টাকৈ বে-চৰকাৰী সংস্থাৰ নেতৃবৃন্দই ৷  

লগতে পঢ়ক:Manipur Violence: ’আমি যুঁজিব জানো’ ; ডিমা হাছাওত কুকি মহিলাৰ হুংকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details