অসম

assam

জোনাইত বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat / videos

Protest in Jonai: জোনাইত বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - Congress Protest in jonai

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:23 PM IST

জোনাই,৪ অক্টোবৰ:বিদ্যুৎ মাচুল, বাণিজ্যিক চিলিণ্ডাৰৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে জোনাইৰ ৰাংকপ তিনিআলিত মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । ব্লক কংগ্ৰেছ কমিটীৰ অৰ্ধ শতাধিক সদস্যৰ উপস্থিতিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, শক্তি মন্ত্ৰীৰ কাম নাই, শক্তি মন্ত্ৰীয়ে অতি শীঘ্ৰে পদত্যাগ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।  

অত্যাৱশ্যকীয় প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ মিছা প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰে ক্ষমতা দখল কৰা বুলি তীব্ৰ সমালোচনা কৰি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰতিটো দুখীয়া পৰিয়ালক ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । যদিহে শীঘ্ৰে বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰৰ লগতে জনতাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস নকৰে তেন্তে দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক ৰূপত মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোল হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।  

লগতে পঢ়ক:Panigaon Police Station: টালি-টোপোলা কঢ়িয়াই আহৰি পোৱা নাই এখন থানাৰ আৰক্ষীয়ে, কিন্তু কিয়?

ABOUT THE AUTHOR

...view details