অসম

assam

ডুমডুমা থানা ঘেৰাও কৰি মহিলাৰ উত্তাল প্ৰতিবাদ

By

Published : May 14, 2023, 10:32 PM IST

ETV Bharat / videos

Protest Against Drugs: ড্ৰাগছৰ বিৰোধিতাৰে ডুমডুমা থানা ঘেৰাও কৰি মহিলাৰ উত্তাল প্ৰতিবাদ

তিনিচুকীয়া, ১৪ মে’:ড্ৰাগছৰ বিৰুদ্ধে পুনৰ ৰণ হুংকাৰ ডুমডুমাৰ মহিলাসকলৰ ৷ শনিবাৰে ডুমডুমা আৰক্ষী থানাৰ সন্মুখত শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest Against Drugs) । ৰাইডাং গাঁও যুৱ সংঘৰ উদ্যোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতি, মৰাণ ছাত্ৰ সন্থাৰ বৰহাপজান আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ড্ৰাগছ বিক্ৰেতাসকলক আৰক্ষীয়ে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে (Protest Against Drugs at Doomdooma)।  

উল্লেখযোগ্য যে, বৃহত্তৰ ডুমডুমা অঞ্চলত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা ক্ৰমান্বয়ে বৃদ্ধি পোৱা বুলি ৰাইজে সততে অভিযোগ উত্থাপিত কৰিছে । বিগত কিছুদিনৰ পূৰ্বে স্থানীয় লোকে ড্ৰাগছ সৰবৰাহকাৰীৰ এখন তালিকা প্ৰস্তুত কৰি আৰক্ষীক দাখিল কৰিছিল  ৷ কিন্তু তাৰ পাচতো আজি পৰ্যন্ত ড্ৰাগছ সৰবৰাহকাৰীয়ে মুকলিভাৱে সৰবৰাহ অব্যাহত ৰাখিছে ৷  

সেয়েহে এই প্ৰতিবাদৰ জৰিয়তে অতি সোনকালে ড্ৰাগছৰ লগতে অবৈধ মাদক দ্ৰব্যৰ ঘাটিসমূহ উচ্ছেদ কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে ৷ 

লগতে পঢ়ক:Youth Attacked police: কেমেৰাৰ সন্মুখতেই আৰক্ষী বিষয়াক প্ৰচণ্ড ঘোচা যুৱকৰ

ABOUT THE AUTHOR

...view details