অসম

assam

কলিয়াবৰত প্ৰতিবাদ

ETV Bharat / videos

Protest Against Delimitation at Kaliabor: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কলিয়াবৰত প্ৰতিবাদ - Constituency Delimitation Process

By

Published : Jun 24, 2023, 10:58 PM IST

কলিয়াবৰ, 24 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ঠায়ে ঠায়ে এই খচৰাৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷  

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱক লৈ শনিবাৰে প্ৰতিবাদ সাব্যস্ত কলিয়াবৰত ৷ সন্ধিয়া ম’বাইলৰ ফ্লেছ লাইট জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজপথ ৷ কৰ্তন কৰা 5 টাকৈ অঞ্চল ৰূপহী সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা প্ৰতিবাদকাৰীৰ ৷  

5 খনকৈ গাঁও কৰ্তন কৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ পূৰ্ণাংগ খচৰাত পুনৰ কৰ্তন কৰা গাঁওকেইখন অন্তৰ্ভুক্ত কৰাৰ দাবীৰে ৰাজ্য চৰকাৰ তথা নিৰ্বাচন আয়োগক আহ্বান জনায় অঞ্চলবাসীয়ে ৷ কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তলৈ অনুৰোধ ৰাইজৰ, কৰ্তন কৰা গাঁও পুনৰ অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক:Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ; বৰাকত প্ৰতিবাদৰ ঢৌ

ABOUT THE AUTHOR

...view details