অসম

assam

লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াকলৈ প্ৰতিবাদ

ETV Bharat / videos

Constituency delimitation: লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ - protest against Constituency delimitation

By

Published : Jul 4, 2023, 12:37 PM IST

Updated : Jul 4, 2023, 3:38 PM IST

মৰাণ, ৪ জুলাই :লাহোৱাল সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াকলৈ চাহ বাগিচা অঞ্চলত বৃহৎ প্ৰতিবাদ । মঙলবাৰে লাহোৱালৰ কেইবাটাও অঞ্চলত চাহ বাগিচাৰ শ্ৰমিকসকল ৰাজপথলৈ ওলাই আহি লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । মাইজান চাহ বাগিচাৰ শ শ শ্ৰমিক ওলাই আহি মাইজান ফেক্টৰীৰ সন্মুখত সমষ্টি বিলুপ্তিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বিধায়ক বিনোদ হাজৰিকা মূৰ্দাবাদ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী হায় হায় আদি শ্লোগানেৰে ফেক্টৰী চৌহদ উত্তাল কৰি তোলে । লগতে সমষ্টি বিলুপ্তিকৰণ হ'লে ইয়াতকৈও অধিক পৰিস্থিতি ভয়াবহ হ'ব বুলি শ্ৰমিকসকলে সকীয়াই দিয়ে । ইফালে, মঙলবাৰে পুৱা গনেশবাৰী চাহ বাগিচা আৰু মোহনবাৰী চাহ বাগিচাতো চাহ শ্ৰমিকসকলে সমষ্টি বিলুপ্তিকৰণক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ১৯৫৭ চনতে গঠিত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ ,অসন্তুষ্টি প্ৰকাশ । সমষ্টিটো বিলুপ্তিকৰণৰ পাচতেই লাহোৱালত বন্ধ ঘোষণা কাৰ্যসূচী ৰূপায়ণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে লাহোৱালৰ ৰাইজে । লাহোৱাল ৰাইজৰ তীব্ৰ প্ৰতিবাদক চৰকাৰ তথা নিবাৰ্চন আয়োগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া হে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Jagdeep Dhankhar to visit Assam: আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় 

Last Updated : Jul 4, 2023, 3:38 PM IST

ABOUT THE AUTHOR

...view details