Protest against Chinas aggression: চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তিব্বত যুৱ কংগ্ৰেছৰ পদযাত্ৰা - Protest against Chinas aggression in Raha
ৰহা, ১৬ মে':চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তথা তিব্বতৰ স্বাধীনতা বিচাৰি চিকিমৰ গেংটকৰ পৰা তেজপুৰলৈ পদব্ৰজে অহা তিব্বত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী দলটো সোমবাৰে বিয়লি ৰহাত উপস্থিত হয় (Protest against Chinas aggression in Raha)। যোৱা ২৯ এপ্ৰিলত আৰম্ভ কৰা চিকিমৰ ৮৭জনীয়া সজাতি দলটো কেইবাটাও ভাগত ভাগ হৈ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পদযাত্ৰা কৰি আছে । ইয়াৰে এটা দল তেজপুৰলৈ ৰাওনা হয় । সোমবাৰে এই দলটো আহি উপস্থিত হয় ৰহাত (Tibetan Youth Congress protest in Raha)।
'চীন বিশ্বাসযোগ্য নহয়','তিব্বতৰ শিশুসকলক সুৰক্ষা প্ৰদান কৰক' আদি প্লে কাৰ্ড হাতে হাতে লৈ পদযাত্ৰাৰ জৰিয়তে চীনৰ আগ্ৰাসী ভূমিকাৰ বিৰুদ্ধে এই প্ৰতিবাদ । লগতে চীনৰ পৰা বিচাৰিছে তিব্বতৰ পূৰ্ণ স্বাধীনতা । ইপিনে,ভাৰতত অনুষ্ঠিত হ'বলগীয়া জি ২০ ত তিব্বতৰ আভন্তৰীণ সমস্যাৰ ওপৰত চৰ্চা কৰিবলৈও আহ্বান জনাযইছে এই দলটোৱে । উল্লেখ্য় যে অহা ২৩ মে'ত তেজপুৰত এই দলটোৱে পদযাত্ৰাৰ সামৰণি মাৰিব।
লগতে পঢ়ক:DC conference : জিলা উপায়ুক্ত সন্মিলনৰ আজিৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা