অসম

assam

জাঁজীমুখত ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:31 PM IST

ETV Bharat / videos

Protest in Teok:দলং নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে জাঁজীমুখত ৰাইজৰ প্ৰতিবাদ

টীয়ক, ১৩ অক্টোবৰ:যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ সৈতে জড়িত ঠিকাদাৰ কোম্পানীৰ চৰম প্ৰতাৰণাৰ বলি হোৱা টীয়কৰ জাঁজীমুখৰ একাংশ পুৰুষ মহিলা শুক্ৰবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে লগতে দলঙৰ কামত ব্যৱহৃত সামগ্ৰী কঢ়িয়াওৱা ট্ৰাক আদিৰ চলাচল বন্ধ কৰি দিয়ে ।

উল্লেখযোগ্য যে দলঙলৈ সামগ্ৰী কঢ়িয়াওৱা গধুৰ বাহনে বিধ্বস্ত কৰা অঞ্চলবাসীৰ যাতায়তৰ একমাত্ৰ পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছিল অঞ্চলবাসীয়ে । অঞ্চলবাসীৰ দাবীৰ প্ৰতি সহাৰি জনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্মাণ সংস্থাটোৱে । কিন্তু দিন বাগৰাৰ লগে লগে প্ৰতিশ্ৰুতিৰ কথা পাহৰিলে ঠিকাদাৰী কোম্পানীটোৱে । ফলত এজাক সামান্য বৰষুণতে কৰ্দয ৰূপ ধাৰণ কৰা পথটোত যমৰ যন্ত্ৰনা ভোগ কৰিব লগা হয় জাঁজীমুখবাসীয়ে । সেয়ে প্ৰতাৰক দলং নিৰ্মাণ কোম্পানীটোৰ চৰম দায়িত্বজ্ঞানহীনতাৰ প্ৰতিবাদত এনেদৰে পথটোৰে দলঙৰ সামগ্ৰী কঢ়িয়াওৱা যান বাহনৰ চলাচল বন্ধ কৰি প্ৰতিবাদ কৰে ৰাইজ ।

লগতে পঢ়ক:Poor condition of govt school:ধেমাজিত পানীৰ মাজতে টিনৰ চালিৰ তলতেই চলিছে পাঠদান

ABOUT THE AUTHOR

...view details