Protest against Bodoland University VC: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - উপাচাৰ্য লাডু সিঙক নিলম্বনৰ দাবী
Published : Sep 9, 2023, 6:03 PM IST
ওদালগুৰি, 9 ছেপ্টেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে খৈৰাবাৰীত তীব্ৰ প্ৰতিবাদ ৷ উপাচাৰ্য লাড্ডু সিঙক নিলম্বনৰ দাবীত বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ উপাচাৰ্য লাড্ডু সিঙে বড়োলেণ্ড বিশ্ববিদ্যালয়ত থাকি মইমতালি কৰাৰ অভিযোগত এই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷
উপাচাৰ্যগৰাকীয়ে ষষ্ঠ ষান্মাসিকৰ ফলাফল সময় মতে নিদিয়াৰ ফলত শিক্ষাৰ্থীসকল আন এখন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে ৷ তাৰোপৰি উপাচাৰ্য গৰাকীয়ে কোনোধৰণৰ নিযুক্তি পৰিক্ষা অনুষ্ঠিত নকৰাকৈ পৰিয়ালৰ কিছু লোকক বিশ্ববিদ্যালয়ত নিযুক্তি দিয়াৰ অভিযোগত আজি ভিন্ন প্ৰান্তৰ লগতে খৈৰাবাৰীতো এবছুৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সহযোগত উপাচাৰ্য সিঙৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । যেতিয়ালৈকে লাইশ্ৰাম লাড্ডু সিঙক চাকৰীৰ পৰা নিলম্বন কৰা নহয় তেতিয়ালৈ প্ৰতিবাদ বাহাল থাকিব বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক :Office of inspector of schools opens in Udalguri: ওদালগুৰিত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় মুকলি