BJP MP Brij Bhushan Sharan Singh: কলগাছিয়াত বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ প্ৰতিকৃৰ্তি দাহ
জনিয়া, 2 জুন :কলগাছিয়াৰ গৰম বজাৰত বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ প্ৰতিকৃৰ্তি দাহ কৰা হয় । সাংসদগৰাকীৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে । বৃহস্পতিবাৰে সন্ধিয়া নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ তৰফৰ পৰা মহিলা মল্লযুদ্ধাসকলৰ সমৰ্থনত এই প্ৰতিকৃৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Bjp MP Brij Bhushan Sharan Singh) ।
উল্লেখ্য যে ভাৰতবৰ্ষৰ আন্তৰ্জাতিক পদক বিজয়ী কেইগৰাকীমান মল্লযুঁজাৰু মহিলা খেলুৱৈৰ ওপৰত বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙে যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ এই যৌন নিৰ্যাতনৰ ন্যায় বিচাৰি দিল্লীৰ যন্তৰ-মন্তৰত বহুদিন ধৰি আন্দোলন চলাই গৈছে মল্লযুঁজাৰুসকলে ।
অভিযুক্ত বিজেপি সাংসদগৰাকীক গ্ৰেপ্তাৰৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ পক্ষৰ পৰা গৰম বজাৰত তেওঁৰ প্ৰতিকৃৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সকলোৱে (Protest against BJP MP Brij Bhushan Sharan Singh) । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, কৃষক সভা কলগাছিয়া আঞ্চলিক কমিটি জিন্দাবাদ, বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে গৰম বজাৰ কঁপাই তোলে । বিজেপি সাংসদ ভূষণ সিঙক যদি গ্ৰেপ্তাৰ নকৰে তেন্তে অনিৰ্দিষ্টকাললৈ গোটেই ভাৰতবৰ্ষত আন্দোলন চলিব বুলি চৰকাৰক সকীয়াই দিয়ে নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ কৰ্মকৰ্তাসকলে ।
লগতে পঢ়ক :Corruption in Rahmoria: দৰিদ্ৰৰ মুখৰ ভাত কাঢ়িলে বিজেপিৰ নেতা-পালিনেতাই