অসম

assam

বিদ্যুতৰ লুকাভাকুত অতীষ্ঠ ৰাইজ

ETV Bharat / videos

Protest Against APDCL : ৰঙিয়া বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ - কাৰ্যালয় ঘেৰাও

By

Published : Aug 14, 2023, 3:50 PM IST

ৰঙিয়া, 14 আগষ্ট : ৰঙিয়া বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰিলে ৰাইজে ৷ ইচ্ছাপুৰৰ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে দিলে ধৰ্ণা ৷ প্ৰায় চাৰি বছৰৰ পৰা অঞ্চলটোত বিদ্যুৎ যোগান সম্পৰ্কে বিভাগক অভিযোগ কৰি আহিছিল ৷ কিন্তু বিদ্যুৎ বিভাগে ৰাইজৰ সমস্যাৰ প্ৰতি মনোযোগ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

সেয়েহে সোমবাৰে গাওঁখনৰ ডেৰ শতাধিক লোকে কাৰ্যালয়টোত দিলে ধৰ্ণা ৷ ৰাইজৰ অভিযোগ গ্ৰাহক অনুপাতে কম ক্ষমতাৰ ট্ৰান্সফৰ্মাৰ থকা বাবে গৰমৰ দিনত প্ৰায়েই অঞ্চলটোৰ প্ৰায় ডেৰশ ঘৰ লোকে ভল্টেজ কমকৈ লাভ কৰে ৷ ফলত সৰু সৰু লৰা-ছোৱালীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে ৷  

বিশেষকৈ ৰাতি ভল্টেজ অতিমাত্ৰা কমি যোৱাৰ বাবে ঘৰৰ বৈদ্যুতিক সঁজুলি সমূহ নচলাৰ বাবে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে ৷ ৰাইজৰ অভিযোগ অঞ্চলটোৰ গ্ৰহকৰ অধিকাৰ খৰ্ব কৰিছে বিদ্যুৎ বিভাগে ৷ বহুবাৰ লিখিতভাৱে বিভাগটোক ৰাইজৰ অসুবিধাৰ বিষয়ে জনোৱাৰ পিছতো বিভাগটোৱে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই ৷ আনকি ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাৰ স্বাক্ষৰিত আবেদন পত্ৰকো অৱজ্ঞা কৰিছে বিভাগটোৱে ৷ গতিকে ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলটোৰ বিদ্যুৎৰ সমস্যা সমাধানৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক :Mukalmua Sub Divisional Civil Hospital : নলবাৰীৰ মুকালমুৱা মহকুমা চিকিৎসালয়ত গেলা-পচা খাদ্য যোগান ৰোগীক

ABOUT THE AUTHOR

...view details