kaboo reserve forest: জনশূন্য কবু চাপৰিত আগমন ঘটিছে পক্ষীৰ - Proposed kaboo reserve forest
জোনাই, ২জুলাই: জোনাইৰ এসময়ৰ নদন-বদন, জনবসতিপূৰ্ণ কবু চাপৰি আজি নীৰৱ-নিস্তব্ধ । জনশূন্য কবুৰ চাৰিওপিনে এতিয়া মাথো ভঙা চিঙা জপুৰী ঘৰ ৷ যতে ততে পৰি আছে মানুহে এৰি যোৱা অপ্ৰয়োজনীয় সামগ্ৰী ৷ এই কাবু চাপৰিত এতিয়া আগমন ঘটিছে নতুন নতুন পক্ষীৰ ৷
পক্ষীৰ মাতেৰে মুখৰিত হৈ পৰিছে কবু চাপৰি ৷ অসম চৰকাৰ আৰু বন বিভাগে কবুক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰাৰ লগে লগে ইয়াত বসবাস কৰি থকা শতাধিক পৰিয়ালক এই স্থান এৰি যাবলৈ যোৱা মে'ত জাননী জাৰি কৰে ৷ ইয়াৰ পিচতে লাহে লাহে কবুৰ সকলো বাসিন্দাই এৰি যায় নিজৰ ঘৰখন ৷ ফলত মানুহৰে ভৰি থকা কবু চাপৰিত মাথো নিৰৱতা আৰু নিস্তব্ধতা ৷ জনশূন্য কবু চাপৰিত এতিয়া মাথো বিভিন্ন পক্ষীৰ আগমন ৷