অসম

assam

By

Published : Sep 4, 2022, 5:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

খগেন গগৈ-বিপুল চেতিয়া ফুকনক কণ্ঠ শিৰোমণি আৰু কণ্ঠ সুধামৃত উপাধি

শ্ৰী শ্ৰী আউনীআটী সত্ৰই বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান কৰে (Prominent musicians Khagen Gogoi and Bipul Chetia Pukan awarded)৷ দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰত আউনীআটি সত্ৰৰ পৃষ্ঠপোষকতাত কণ্ঠশিল্পী দুগৰাকীক স্বৰ্ণ পদক, মানপত্ৰ, চেলেং,গামোচা, এখন স্মাৰক পত্ৰৰে সন্মানিত কৰে ৷ আজি সত্ৰৰ নামঘৰত শিক্ষাবিদ তুৱাৰাম খনিকৰৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত দুয়োজন লোক শিল্পীক এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামী আৰু ডেকা সত্ৰাধিকাৰে । এই অনুষ্ঠানত শিল্পীদ্বয়ে ভাষণ প্ৰদান কৰাৰ উপৰি দিহানাম পৰিৱেশন কৰে । এই অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, ৰাইজ উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details