শিৱসাগৰত দুদিনীয়াকৈ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা - শিৱসাগৰ ক্ৰীড়া সন্থা
Published : Dec 20, 2023, 10:47 PM IST
শিৱসাগৰ, 20 ডিচেম্বৰ : শিৱসাগৰ ভলীবল ক্লাৱৰ উদ্যোগত দ্বিতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আগন্তুক ২২ আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা সন্দৰ্ভত আয়োজক সমিতিয়ে বুধবাৰে বৰ্ডিং খেলপথাৰত এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত সম্পাদক টুটু কুমাৰ ফুকনে কয় যে- অসমৰ ক্ৰীড়া জগতত শিৱসাগৰৰ ভলীবলৰ এক গৌৰৱোজ্বল ইতিহাস আছে । কিন্তু বিভিন্ন কাৰণত এই ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই । সেয়েহে এসময়ৰ গৌৰৱোজ্বল অতীতক প্ৰাণ প্ৰতিষ্ঠা কৰাৰ মানসেৰে দ্বিতীয়বাৰৰ বাবে বলিষ্ঠ পদক্ষেপ হাতত লোৱা হৈছে ।
শিৱসাগৰ ভলীবল ক্লাৱৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত প্ৰয়াত ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠক প্ৰণৱজিৎ চলিহা (ৰমু) ক্ৰীড়া ক্ষেত্ৰ তথা শিৱসাগৰ বৰ্ডিং খেলপথাৰত এই বছৰৰ অহা ইংৰাজী ২২ আৰু ২৩ ডিচেম্বৰ তাৰিখে প্ৰয়াত ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠক কুল গগৈ, প্ৰসেনজিৎ চলিহা, শিৱসিংহ কোঁৱৰ, সমাজকৰ্মী মুহি বৰুৱা আৰু মুক্তিযোদ্ধা আনন্দৰাম ফুকন সোঁৱৰণি দ্বিতীয় সদৌ অসম প্ৰাইজমানি আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । উক্ত প্ৰতিযোগিতাত অসম পুলিচ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী, সৰভোগ, তেজপুৰ, নগালেণ্ড, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰকে আদি কৰি কেবাটাও দলে অংশগ্ৰহণ কৰিব । দুই দিনৰ কাৰ্যসূচীত আয়োজকে ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।
লগতে পঢ়ক :২০২৩ চনৰ ক্ৰীড়া বঁটা ঘোষণা; মহম্মদ ছামিলৈ অৰ্জুন বঁটা