অসম

assam

প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 3:04 PM IST

ETV Bharat / videos

Prize money Football Tournament:“য়াল কাদু” সোঁৱৰণী তৃতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

জোনাই, 18 ছেপ্টেম্বৰ : জোনাইৰ তেলাম হাইস্কুল খেলপথাৰত ঢোলে-দগৰে উদুলি-মুদুলি পৰিৱেশ ৷ তেলাম ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু তেলাম আঞ্চলিক TMPK ৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে “য়াল কাদু” সোঁৱৰণী তৃতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷

“য়াল কাদু”” সোঁৱৰণী তৃতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দিনা মুখ্য অতিথি হিচাপে পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু আৰু বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হয় জোনাই মহকুমা আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰক ৷ আমন্ত্ৰিত অতিথিসকলক ঢোলে-দগৰে মিচিং কৃষ্টি দলে আদৰি আনে তেলাম হাইস্কুল খেলপথাৰলৈ ৷ ইয়াৰ পিচতে মিচিং গোমৰাগ-ঐনিতমেৰে মুখৰিত কৰি তোলে তেলাম হাইস্কুল খেলপথাৰ ৷

ইফালে “য়াল কাদু” সোঁৱৰণী তৃতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন মিচিং ৰীতিৰে শুভাৰম্ভ কৰে পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৱে ৷ উঠি অহা প্ৰজন্মক ড্ৰাগছ, ভাং আদিৰ দৰে নিছা জাতীয় দ্ৰব্য সেৱনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে যোৱা তিনি বছৰৰ পৰা অনুষ্ঠিত কৰি অহা উক্ত ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দিনাৰ শুভাৰম্ভণি অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন নাৰ্জাৰী, TMPK কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তুষাৰ ঙাতেকে আদিকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে ৷

লগতে পঢ়ক :Football tournament: বঙাইগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details