Priya Das from Nagaon: চিকিৎসাৰ ব্যয় শুনি ঘৰলৈ কন্যাক ওভতাই আনিলে পিতৃয়ে - নগাঁও ৰেংবেং সৰুপথাৰ
নগাঁও, 17 মে’ :এটি নিঃসহায় পৰিয়ালৰ কৰুণ জীৱন গাঁথা । উৱাদিহ নোপোৱা পৰিস্থিতি দুৰ্ভগীয়া পৰিয়ালটোৰ । নগাঁও ৰেংবেং সৰুপথাৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী এইয়া । পৰিয়ালটোৰ এগৰাকী কন্যা প্ৰিয়া দাস বিগত কিছু সময় ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ আছে । ৰেংবেং সৰুপথাৰৰ দিন হাজিৰা কৰা মনা দাস আৰু কল্পনা দাসৰ কন্যা প্ৰিয়া দাস এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ নামত হাবাথুৰি খাই ফুৰিছে ৷
অতি মেধা সম্পন্ন এই গৰাকী ছাত্ৰী বৃক্ক ৰোগত আক্ৰান্ত (Priya Das diagnosed with kidney disease ) । জানিব পৰা মতে অতি দৰিদ্ৰ পৰিয়ালটোৱে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে খৰচ বহন কৰিব নোৱাৰাত অৱশেষত ৰাইজ তথা চৰকাৰলৈ আৰ্থিক সাহায্য বিচাৰি অনুৰোধ জনাইছে ৷ গুৱাহাটীলৈ নি চিকিৎসাৰ ব্যয় শুনি ঘৰলৈ উভতি আহিল দুৰ্ভগীয়া পৰিয়ালটো ৷ ১৯ বছৰীয়া প্ৰিয়াৰ দুয়োটা বৃক্কই বিকল হৈ পৰাত বহু ঠাইত চিকিৎসা কৰি সুফল নোপোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰি আছিল যদিও কিছু আৰ্থিক অসুবিধাৰ বাবে পুনৰ উভতিব আহিব লগা হয় তেওঁলোক ।
প্ৰিয়া দাসক এতিয়া উন্নত মানৰ চিকিৎসাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়ৰ (Priya Das from Nagaon) । পিতৃ-মাতৃৰ কাতৰ অনুৰোধ যাতে তেওঁলোকৰ কন্যাৰ চিকিৎসাৰ বাবে চৰকাৰে কিবা এটা পদক্ষেপ গ্ৰহণ কৰে । যদি কোনো সদাশয় ব্যক্তিয়ে এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে তলত দিয়া বেংক একাউণ্ট আৰু ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব -AGVB .DOBOKA BRANCH.A/C no....7241029010405IFSC No..UTBI0RRBAGBPhone no.93655591339365832784 ৷
লগতে পঢ়ক :Fire broke out at Titabor: মাজনিশা তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড