অসম

assam

By

Published : Aug 23, 2022, 12:57 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

আদালতৰ পৰাই শৌচালয়ৰ ভেণ্টিলেটৰ ভাঙি পলাল কয়দী

আৰক্ষীৰ চকুত ধূলি দি পলাল কয়দী ৷ কৰিমগঞ্জ জিলা দায়ৰা বিচাৰকৰ আদালতত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা (Prisoner escaped after breaking toilet ventilator) ৷ মঙলবাৰে ড্ৰাগছৰ গোচৰত আটকাধীন আব্দুল মজিদ নামৰ কয়দীটোক কৰিমগঞ্জৰ জিলা দায়ৰা বিচাৰকৰ আদালতলৈ হাজিৰ কৰাব আনোতেই শৌচ লগা বুলি আৰক্ষীক কয় ৷ আৰক্ষীয়ে আব্দুলক শৌচালয়লৈ যাবলৈ দিওঁতেই ঘটিল অঘটনটো ৷ আদালতৰ শৌচালয়ৰ ভেণ্টিলেটৰ ভাঙি পলায় সাৰে কয়দীটো (Prisoner escaped from court) ৷ বহু সময় ধৰি আব্দুল ওলাই নহাত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰোতে ওলাই পৰে প্ৰকৃত ঘটনা ৷ এই ঘটনাই আৰক্ষীৰ চৰম ব্যৰ্থতাকে উদঙাই দেখুৱাইছে ৷ আৰক্ষীয়ে আব্দুলক বিচাৰি অভিযান অব্যাহত ৰাখিছে (Prisoner escaped after breaking toilet ventilator of court)৷
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details