অসম

assam

হাফলং উপ-কাৰাগাৰত অসুস্থ হৈ কয়দীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:31 AM IST

ETV Bharat / videos

Prisoner dies: হাফলং উপ-কাৰাগাৰত অসুস্থ হৈ কয়দীৰ মৃত্যু

হাফলং, 9 নৱেম্বৰ: বৃহস্পতিবাৰে পুৱা হাফলং উপ-কাৰাগাৰত অসুস্থ হৈ এটা কয়দীয়ে মৃত্যুক আকোঁৱালি লয় ৷ মৃত কাৰাবন্দীটোৰ নাম ৰাজু পাল বুলি জানিব পৰা গৈছে ৷ ৰাজু পাল নামৰ এই কয়দীটো বুধবাৰে নিশা অসুস্থ হৈ পৰিছিল ৷ ইয়াৰ পিচতে কাৰাগাৰ কৰ্তৃপক্ষই অসুস্থ কয়দীটোক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পিচে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই চিকিৎসকে ৰাজুৰ মৃত্য হৈছে বুলি ঘোষণা কৰে। 

বৰ্তমানে মৃত্যু হোৱা কয়দীটোৰ মৃতদেহ হাফলং অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। লক্ষণীয় যে, হাফলং উপ-কাৰাগাৰত অসুস্থ হৈ বন্দী থকা কয়দীৰ মৃত্যুৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে হাফলং উপ-কাৰাগাৰখনত ৷ ৰাজু পালক কিছুদিন পূৰ্বে এনডিপিএচ আইনৰ অধীনত হাৰেংগাজাও আৰক্ষী থানাৰ অধীনত ডিটেকচৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

লগতে পঢ়ক:Mysterious death case: ৰহস্যজনকভাৱে ৰিপুঞ্জয় গোস্বামীৰ ঘৰত উদ্ধাৰ প্ৰণীতাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details