Rape case in Nagaon: বিদ্যালয়ত পাঠদান চলি থকা সময়তে বাথৰূমত ছাত্ৰীক নিৰ্যাতন প্ৰধান শিক্ষকৰ - ছাত্ৰীক নিৰ্যাতন চলালে প্ৰধান শিক্ষকে
শিক্ষক সমাজক পুনৰ লজ্জানত কৰা এক জঘন্য ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ ধিং অঞ্চলত । সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে ধিঙৰ মাটখলাত ৷ ধিঙৰ ফৰাজি বস্তি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলামৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ’ল এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী(Principal Rape student in Nagaon) ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচৰে পৰা সমগ্ৰ ধিং অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
জানিব পৰা মতে, ধিঙৰ ফৰাজি বস্তি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলামে বিদ্যালয় চলি থকা অৱস্থাতে বাথৰূম পৰিস্কাৰ কৰিবলৈ দি দৰ্জা মাৰি অস্ত্ৰ দেখুৱাই এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উখাপিত হৈছে ৷ কেৱল সেয়াই নহয়, কাৰোবাৰ আগত এই কথা ক’লে নাৱালিকাগৰাকীক হত্যাৰ ভাবুকি দিছিল নজৰুল ইছলামে ৷ এনেকৈ কেবাদিনো ছাএীগৰাকীক ধৰ্ষণ কৰাৰ পিছত এসপ্তাহ পূৰ্বে ছাত্ৰীগৰাকীয়ে নিজ পিতৃ-মাতৃৰ আগত এই সমগ্ৰ ঘটনা অৱগত কৰাত হতভম্ব হৈ পৰে সকলো ৷
বৰ্তমান নাবালিকা ছাত্ৰীগৰাকী অন্তঃসত্বা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । ইপিনে এই ঘটনাক লৈ গাওঁখনত চাঞ্চল্য অব্যাহত থকাৰ সময়তে নজৰুল ইছলাম ভেৰোণীয়া গুণ্ডাবাহিনীয়ে নিশা ছাত্ৰীগৰাকীৰ ঘৰত গৈ হত্যা ভাবুকি দিয়াৰ লগতে উকা কাগজত চহী অনাৰো অভিযোগ উঠিছে । এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এক এজাহাৰ দাখিল কৰিছিল(Teacher Rape student in Nagaon) ৷
এজাহাৰৰ ভিত্তিত আজি ধিং আৰক্ষীয়ে লম্পট শিক্ষকটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধিং আৰক্ষীয়ে কেচ নম্বৰ 14/2023 U/S 9 POCSO Act RW Sec 376/511 IPC ধাৰাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে লম্পট শিক্ষকটোৰ । উল্লেখ্য যে, নজৰুল ইছলামে পূৰ্বেও এনে ধৰণৰ দুষ্কাৰ্য কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উখাপিত কৰিছে ৷ পৱিত্ৰ শিক্ষা বৃত্তিক কলংকিত কৰা এইজন শিক্ষকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে(Rape case in Assam) ।