অসম

assam

মধ্যাহ্ন ভোজনৰ চাউল নিদিয়াৰ বাবে প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুস্কৃতিকাৰীৰ

ETV Bharat / videos

Attempt to murder: মধ্যাহ্ন ভোজনৰ চাউল নিদিয়াৰ বাবে প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুস্কৃতিকাৰীৰ - teacher attacked with sharp weapon by miscreants

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:17 PM IST

তিনিচুকীয়া, ২৫ ছেপ্তেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং ডুমডুমাৰ নগাঁও কুঁ‌হিপাঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ধাদুমীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন স্থানীয় লোকে ৷ শনিবাৰৰ সন্ধিয়া নিপেন বৰুৱা নামৰ লোকজনে আক্ৰমণ কৰে প্ৰধান শিক্ষকজনক । 

ঘটনা অনুসৰি দুষ্কৃতিকাৰী নিপেন বৰুৱা নামৰ লোকজনে কিছু দিনৰ পৰা প্ৰধান শিক্ষকজনক বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজনৰ চাউলৰ ১টা বেগ বিচাৰি ধমকি দি আছিল ৷ কিন্তু ইমানৰ পিচতো প্ৰধান শিক্ষকজনে লোকজনক চাউল এক বেগ দিবলৈ মান্তি হোৱা নাছিল ৷ ফলস্বৰূপে নিপেন বৰুৱা নামৰ লোকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে প্ৰধান শিক্ষকগৰাকীক। 

ইয়াৰ পিচতে প্ৰধান শিক্ষকগৰাকীয়ে বৰডুমচা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷  এই এজাহাৰৰ ভিত্তিত নিপন বৰাক আটক কৰিছে বৰডুমচা আৰক্ষীয়ে। প্ৰধান শিক্ষক ত্ৰৈলোক্য ধাদুমীয়াক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাটোক গৰিহণা দিয়াৰ লগতে সহজভাৱে মানি লোৱা নাই সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে। 

ৰাজ্যত শিক্ষক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনোৱাৰ লগতে দুষ্কৃতিকাৰী নিপেন বৰুৱাক উচিত শাস্তি দিবলৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে দাবী জনাইছে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰা অপৰাধী নিপেন বৰুৱাক সোমবাৰে বৰডুমচা আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিব ৷

লগতে পঢ়ক:Tense Situation at Rupohihat: ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত মজিবুৰ ৰহমান খান; থানা ঘেৰাও সহস্ৰাধিক লোকৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details