20 নৱেম্বৰৰ পৰা গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱ 2.0 - স্বাস্থ্য সঞ্চালক
Published : Nov 18, 2023, 5:27 PM IST
গোলাঘাট, 18 নৱেম্বৰ : 20, 21, 22 নৱেম্বৰত গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱ 2.0 অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিছে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অনুৰাধা বৰুৱাই ৷ শনিবাৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত গোলাঘাট জিলাৰ মহকুমা চিকিৎসালয়, উপ-স্বাস্থ্য কেন্দ্ৰ আদিত এই স্বাস্থ্য সেৱা উৎসৱ 2.0 অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷
চিকিৎসালয়সমূহত উন্নত স্বাস্থ্য সেৱা আৰু উন্নতমানৰ আন্তঃগাথঁনিৰ দ্বাৰা যাতে সৰ্বসাধাৰণ ৰাইজে উন্নত মানৰ গুণ সম্পন্ন স্বাস্থ্য সেৱা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷ চিকিৎসালয়সমূহ মূল্যায়ন কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আৰু প্ৰশাসনিক বিষয়াসকলে সকলো দিশ চালি-জাৰি চোৱাৰ লগতে যাৱতীয় নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব ৷ অধ্যাপক আৰু প্ৰশাসনিক বিষয়াসকলে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে তেওঁ ৷
লগতে পঢ়ক :ষঠ পূজাৰ বাবে সাজু গুৱাহাটীৰ চূণচালি ঘাট