অসম

assam

স্বাস্থ্য সেৱা উৎসৱ-2

ETV Bharat / videos

চৰকাৰী চিকিৎসালয়ৰ ব্যৱস্থাপনা উন্নত কৰাৰ লক্ষ্যৰে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ-2 - চৰকাৰী চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:31 PM IST

ডিব্ৰুগড়, 18 নৱেম্বৰ : শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছতে ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তন কৰাৰ লগতে চৰকাৰী চিকিৎসালয়ৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছিল স্বাস্থ্য সেৱা উৎসৱ ৷ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ হোৱা স্বাস্থ্য সেৱা উৎসৱ ডিব্ৰুগড় জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱাৰ পাছতেই দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে জিলা স্বাস্থ্য বিভাগে ৷

শনিবাৰে ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় জিলাত 20 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱ-2 অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য সেৱা উৎসৱত ডিব্ৰুগড় জিলাৰ 10 খন সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু 32 খন‌ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মূল্যায়ন কৰা হ'ব ৷ তাৰ বাবে এই তিনিও দিনতে উচ্চ পদস্থ প্ৰশাসনিক বিষয়া আৰু চিকিৎসকৰ দলে চিকিৎসালয়সমূহ পৰিদৰ্শন‌ কৰি মূল্যায়ন কৰিব ৷

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ বাবে ডিব্ৰুগড়লৈ উচ্চ পদস্থ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াও প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিছে জিলা স্বাস্থ্য বিভাগে ৷ পূৰ্বে হৈ যোৱা স্বাস্থ্য সেৱা উৎসৱ-1ত ডিব্ৰুগড় জিলাৰ 8 খন চিকিৎসালয়ে "A" গ্ৰেড লাভ কৰিছিল, এইবাৰ এই সংখ্যা বৃদ্ধি পাব বুলিও কয় স্বাস্থ্য বিভাগৰ বিষয়া সকলে ৷ এই সংবাদমেলত যুটীয়া স্বাস্থ্য সঞ্চালকৰ হৈ ডাঃ দণ্ডেশ্বৰ দেউৰী, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ তৃষ্ণা বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী আৰু জিলা মিডিয়া বিশেষ বিষয়া ডেইজী গগৈ উপস্থিত থাকে ৷ 

লগতে পঢ়ক :দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট শীর্ষক জলক্রীড়া মহোৎসৱ

ABOUT THE AUTHOR

...view details