অসম

assam

আৰক্ষী-ড্ৰাগছ মাফিয়াৰ গুলীয়াগুলীৰ ঘটনা

ETV Bharat / videos

Press Meet of Hojai SP: হোজাইত আৰক্ষী-ড্ৰাগছ মাফিয়াৰ গুলীয়াগুলী; আৰক্ষী অধীক্ষৰ সংবাদমেল

By

Published : Aug 20, 2023, 5:49 PM IST

হোজাই, 20 আগষ্ট :শনিবাৰে নিশা লংকাৰ পাৰ্শ্বৱৰ্তী লামডিং সমষ্টিৰ নখুঁটিত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ নখুঁটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই লগত কেইজনমান আৰক্ষী কনিষ্টবলক লৈ ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰাৰ উদ্দেশ্যে পিছে পিছে খেদি যোৱাৰ সময়তে ড্ৰাগছ মাফিয়াই আৰক্ষীৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ 

আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ৷ লগে লগে এই ঘটনাৰে লগত জৰিত থকাৰ সন্দেহত নিশাই আৰক্ষীয়ে 8 টাকৈ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে ৷

এই ঘটনা সন্দৰ্ভত দেওবাৰে হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই তিনিআলী পহৰা চকীত এখন সংবাদমেল আয়োজন কৰি জানিবলৈ দিয়ে যে নখুঁটীৰ 1 নং ৰামসিং গাঁৱত সন্ধিয়া সংঘটিত হৈছিল গুলিচালনাৰ ঘটনা ৷ 

অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান চলিছিল আৰক্ষীৰ ৷ এই অভিযানত প্ৰথমে আৰক্ষীয়ে 8 জনক আটক কৰে যদিও পৰবৰ্তী সময়ত 6 জনক ঘটনাত জৰিত থকাৰ উমান পায় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে 6টা অপৰাধীক জে’ললৈ পঠোৱাৰ বাবে যো-জা চলাইছে আৰক্ষীয়ে ৷ এই ঘটনা সন্দৰ্ভত লামডিং আৰক্ষী থানাত 166/23 নম্বৰত গোচৰ ৰুজু হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান চলি থাকিব বুলি জানিলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ অভিযানৰ সময়তে এই ঘটনা সংঘটিত হোৱাত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ ঘটনা সন্দৰ্ভত কোনো আৰক্ষীৰ লোক হতাহত হোৱা নাই বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক :Talent Hunt Competition in Sivasagar: প্ৰতিভা সন্ধানী পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰি উধাও বেদান্ত

ABOUT THE AUTHOR

...view details