অসম

assam

ETV Bharat / videos

Railway Eviction Notice: ৰে’ল বিভাগৰ উচ্ছেদৰ জাননীক লৈ ডিফুত তীব্ৰ প্ৰতিক্ৰিয়া - Show cause notice by railway

By

Published : Dec 24, 2022, 9:32 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ডিফুৰ এক বৃহত্তৰ এলেকাত ৰেʼল বিভাগে উচ্ছেদৰ জাননী(Eviction notice by railway) জাৰি কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ উচ্ছেদৰ বাবে জাননী লাভ কৰা আৱাসীসকলে এয়া বিভাগৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শনিবাৰে এক সংবাদমেল আয়োজন কৰে আৱাসীসকলে ৷ অভিযোগ অনুসৰি উক্ত এলেকাত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা প্ৰায় ২০/২৫ পৰিয়াললৈ যোৱা ৮ ডিচেম্বৰত কাৰণ দৰ্শোৱাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল(Show cause notice by railway) । কিন্তু বিয়লি জাননীখন জাৰি কৰাৰ বাবে এলেকাটোৰ আৱাসীসকলে লামডিঙলৈ গৈ কাৰণ দৰ্শোৱাত ব্যৰ্থ হয় ৷ যাৰ বাবে পুনৰ ২৬ ডিচেম্বৰত পুনৰ লামডিংস্থিত ডি আৰ এমৰ কাৰ্যালয়লৈ সকলো তথ্য পাতি লৈ আৱাসীসকলক মাতি পঠিওৱা হয় । সেই অনুসৰি উচ্ছেদৰ জাননী লাভ কৰা ডিফুৰ লোকসকলে লামডিঙত উপস্থিত হৈ প্ৰয়োজনীয় নথি পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতে তাৎপৰ্যপূৰ্ণভাৱে ৰেʼল বিভাগে ৩০ ডিচেম্বৰৰ ভিতৰত ৰে'লৱেৰ ভূমি খালী কৰি‌ দিয়াৰ বাবে ২২ ডিচেম্বৰত পুনৰ এক জাননী জাৰি কৰা ঘটনাক কেন্দ্ৰ কৰি এলেকাটোৰ আৱাসীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে । ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ আগমূহুৰ্তত প্ৰেৰণ কৰা এই উচ্ছেদৰ জাননীয়ে স্থানীয় লোকসকলক শংকিত কৰি তুলিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details