Press meet at Sarthebari : সৰ্থেবাৰী নামকৰণেৰে নতুন সমষ্টি গঠনৰ দাবী সমষ্টি দাবী সমিতিৰ - ঐতিহাসিক কাঁহশিল্প নগৰী
খিলঞ্জীয়াৰ সুৰক্ষাৰ লগতে জাতি-মাটি-ভেঁটি সুৰক্ষিত কৰাৰ স্বাৰ্থত ঐতিহাসিক সৰ্থেবাৰীক কেন্দ্ৰ কৰি এটি নতুন বিধানসভা সমষ্টি পুনৰ গঠন কৰাৰ দাবীত সোচ্ছাৰ হৈ পৰিছে ঐতিহাসিক কাঁহশিল্প নগৰী । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও কৰ্তন কাৰ্য বন্ধ কৰাৰ দাবীৰ লগতে সৰ্থেবাৰীৰ নামত এটি নতুন বিধানসভা সমষ্টি পুনৰ গঠন কৰাৰ দাবীৰে ঐতিহাসিক সৰ্থেবাৰীত বৃহস্পতিবাৰে গঞা ৰাইজ আৰু সমষ্টি দাবী সমিতিয়ে আয়োজন কৰে এক সংবাদমেলৰ (Press meet at Sarthebari) ৷ উক্ত সংবাদমেলত আয়োজকসকলে সৰুক্ষেত্ৰী মৌজা, পাকা মৌজা আৰু প্ৰয়োজন সাপেক্ষে সঁৰিয়হ মৌজাৰ কিছু অংশ আৰু চেঙাৰ কিছু অংশ লৈ সৰ্থেবাৰী বিধানসভা সমষ্টি পুনৰ গঠন কৰাৰ দাবী উত্থাপন কৰে (Press conference demanding formation of new constituency in Sarthebari) ৷ উক্ত সংবাদমেলত সমষ্টি দাবী সমিতিৰ সভাপতি বাণীকান্ত ভূঞা, কাৰ্যকৰী সভাপতি প্ৰহ্লাদ তালুকদাৰ আৰু সম্পাদক চক্ৰেশ্বৰ ডেকা উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST