Preparations of Baresahariya Bhaona: জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ সাতদিন - জাতি জনগোষ্ঠীৰ সমন্বয়ৰ তীৰ্থভূমি
চতিয়া, ২৮ ফেব্ৰুৱাৰী: বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ তীৰ্থভূমিলৈ পৰিণত হৈছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাথলী পকামুৰা পথাৰ ৷ মাজত মাত্ৰ এসপ্তাহ ৷ এসপ্তাহৰ পিছতেই অনূষ্ঠিত হ'ব ভাৰতৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান ২২৬ সংখ্যক বাৰেচহৰীয়া ভাওনা(Baresahariya Bhaona Jamugurihat) ৷ “বাৰে” মানে অনেক আৰু “চহৰীয়া” মানে ৰাইজ ৷
আৰু মাত্ৰ সাত দিনৰ পিছতেই এই পকামুৰা পথাৰত জিলিকি উঠিব গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজী ৷ পদ্মপুষ্পসদৃশ মণ্ডপ নিৰ্মাণৰ কাম প্ৰায় ৭০% সম্পূৰ্ণ হৈ উঠিছে ৷ ইতিমধ্যে ভাওনাস্থলী পকামুৰা পথাৰত নিতৌ গ্ৰাম্য চহা লোকসকলে পুৱাই উপস্থিত হৈ যুদ্ধকালীন গতিত কাম কৰি নিজ নিজ “খলা” নিৰ্মাণত ব্যস্ত হৈ পৰিছে(226th Baresahariya Bhaona of Jamugurihat) ৷
ইয়াৰ মাজতে চতিয়া সমষ্টিৰ বিধায়ক তথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি ভৰলী কোঁৱৰ সনামনেৰে সন্মানিত পদ্ম হাজৰিকায়ো ৰাইজৰ সৈতে খলা নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গল ৷ বিধায়কগৰাকীৰ সৈতে কেৱল যুৱক সকলেই নহয়, একতা-সমন্বয়-সম্প্ৰীতিৰ এনাজৰিৰে বান্ধি ৰখা এই ভাঁওনাস্থলীত কাম কৰিবলৈ ওলাই আহিল ৯০ বছৰ উৰ্দ্ধৰো কেবাগৰাকী ককা ৷
ককাহঁতেও হাতত দাঁ-কটাৰী লৈ কাঠি কামি অথবা তমাল তুলাই হাত উজান দিছে ৰাজহুৱা কামত(Preparations of Baresahariya Bhaona in Jamugurihat) ৷ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতিগৰাকীয়ে ভক্তপ্ৰাণ ৰাইজৰ সৈতে একেলগে মাটিত বহি খাদ্য গ্ৰহন কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে পকামুৰা পথাৰত নিৰ্মাণৰত এই পদ্মপুষ্পসদৃশ বিশাল মণ্ডপত ব্যৱহাৰ হৈছে ২৫ হাজাৰৰো অধিক বাঁহ, এক লাখ মুঠাৰো অধিক খেৰ, ৩ হাজাৰোধিক তামোল গছ আৰু ৪২ জোপাকৈ ছোৱা গছ ৷
উল্লেখ্য যে, বাৰেচহৰীয়া ভাওনা মহোৎসৱ উত্তৰ অসমৰ লগতে বৰ্তমান ভাৰতবৰ্ষৰে এক লেখত ল’বলগীয়া মহোৎসৱ হিচাবে পৰিগণিত হৈছে । বাৰেচহৰীয়া ভাওনা বুলি ক'লেই প্ৰথমতেই মনলৈ আহে শোণিত কোঁৱৰ গজেন বৰুৱাৰ নাম । গজেন বৰুৱাই প্ৰথমবাৰৰ বাবে এই ভাওনাক জামুগুৰিহাটৰ পৰা উলিয়াই নি অসম তথা ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰাই দিছিল ৷
পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি সাংস্কৃতিক কৰ্মী তথা অসমৰ ইতিহাসৰ এগৰাকী ভোটাতৰা গজেন বৰুৱাই ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনাক ১৯৬৯ চনত এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ এই মহোৎসৱৰ আছে এক বিশেষ বৈশিষ্ট্য ৷ বাৰেচহৰীয়া ভাওনা মহোৎসৱত ভাওনাস্থলীত ২০-৩০ খন ভাওনা একেলগে প্ৰদৰ্শিত হয় (Significance of Baresahariya Bhaona) ৷
লগতে পঢ়ক:Again Zubeen controversy: বিতৰ্কত জুবিন, গীত নোগোৱাকৈয়ে মঞ্চ এৰিলে জুবিন গাৰ্গে