সমাগত ছ্যু-কা-ফা দিৱস, চাওলুং ছ্যু-কা-ফা বৰ অসম সমন্বয় বঁটা প্ৰদান হ’ব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীক - Deputy Chief Minister of Arunachal Pradesh
Published : Nov 28, 2023, 11:00 AM IST
|Updated : Nov 28, 2023, 11:16 AM IST
মৰাণ, 28 নৱেম্বৰ :সমাগত ছ্যু-কা-ফা দিৱস ৷ বৰ অসমৰ ভেটি নিৰ্মাতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি 2 ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে অসম দিৱস বা ছ্যু-কা-ফা দিৱস পালন কৰি আহিছে ৷ প্ৰতি বছৰৰ দৰে এইবাৰো মৰাণত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ছ্যু-কা-ফা দিৱস ৷ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ আঞ্চলিকৰ উদ্যোগত অহা 30 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ছ্যু-কা-ফা দিৱস।
মৰাণ সমীপৰ তিলৈ গ্ৰাম্য বজাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা এই দিৱসৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনক ‘চাওলুং ছ্যু-কা-ফা বৰ অসম সমন্বয় বঁটা’ প্ৰদান কৰিব টাইপাই ৷ উক্ত অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ৷
লগতে পঢ়ক :আলফা (স্বা)ৰ সদস্য বীৰেন চেতিয়াক বিচাৰি বৃদ্ধ মাতৃৰ হাহাকাৰ; ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ আহ্বান