অসম

assam

বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতি

ETV Bharat / videos

Preparations for session of Bodo organization: জোনাইত তিনি বড়ো জাতীয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতি - বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতি

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:28 PM IST

জোনাই, ১২ নৱেম্বৰ:বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক অধিৱেশন, বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৯ সংখ্যক তথা এবছুৰ জোনাই আঞ্চলিক সমিতিৰ ২৫ সংখ্যক অভিবৰ্তনৰ আয়োজন কৰা হৈছে । লগতে আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ ২১ সংখ্যক অভিবৰ্তনখনি অহা ১৫ আৰু ১৬ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব । জোনাইৰ ইউ এন মেম'ৰিয়েল বড়ো হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ'ব এই  তিনি বড়ো জাতীয় সংগঠনৰ অধিবেশন ৷

এই  অধিবেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ উল্লেখ্য যে ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা বড়ো সাহিত্য সভাই বড়ো ভাষা, শিক্ষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলসভাৱে দায়িত্ব পালন কৰি অহিছে । সমান্তৰালভাৱে নিখিল বড়ো ছাত্র সন্থা আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদেও বড়ো জাতিৰ শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক, নাৰী সৱলীকৰণৰ লগতে ৰাজনৈতিক আদি দিশৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সংগ্ৰাম কৰি আহিছে ধাৰাবাহিকভাৱে ৷ ইফালে, উক্ত অধিবেশনৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আখৰা অব্যাহত ৰাখিছে যুৱক-যুৱতীসকলে ৷

লগতে পঢ়ক:Poor road condition in Samaguri: অক্সিজেন কোম্পানীৰ বাহনৰ বাবে গেন্ধালি-বৰদল সংযোগী পথত সৃষ্টি প্ৰকাণ্ড গাঁত

ABOUT THE AUTHOR

...view details